পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২″ ] এই সভালৈকে ৰাইজে ভোট দি মেম্বৰ বাচি পঠিয়ায়৷ লোক্লেবোৰ্ডে গাওঁবিলাকৰ ভালৰ হকে যি যি কাম কৰে মিউনিচিপেল বোৰ্ডে চহৰৰ ভালৰ অৰ্থে যেই সেই কামকে কৰিব লাগে। ইয়াৰ উপৰি চহৰত চাকি দিয়াও এই সভাৰ কাম। (২) কিন্তু আচল কথা হৈছে, এইবিলাক কাম হয় নে নহয়, ভালকৈ হয় নে বেয়াকৈ হয়--এই সকলোবিলাক কথা আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। ওপৰৰ এইবিলাক সভালৈ আমি নিঃস্বাৰ্থ নিৰ্লোভ কাৰ্য্যক্ষম আৰু চৰিত্ৰৱান মানুহ পঠাব লাগে। তেনে মানুহক আমি ভোট দিব লাগে।