পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২] কাঁহিৰ পৰাও এনেকুৱা ধোঁৱা উঠ৷ দেখিবা। এয়ে ভাপ। তাপ পালেই পানীৰ পৰা ভাপ উঠে। ভাপ উঠি থাকোঁতে চিলঠ এখন তাৰ ওপৰত ধৰা৷ দেখিব৷ চিলঠ খনত খুদ খুদ পানীৰ টোপাল বান্ধিছে। চিলঠ নধৰি চেঁচা যেই সেই বস্তু ধৰিলেই তেনে পানীৰ বিন্দু দেখিবা। (২) সূৰ্য্যৰ তাপ পৃথিৱীৰ সকলো বস্তুৰ ওপৰতে পৰে। পানীৰ ওপৰতো পৰে। ৰদৰ তাপ পাই পানীৰ পৰা ভাপ উঠে। পৃথিৱীৰ খাল বিল নদী সাগৰ যতে যিমান পানী আছে সকলোৰে পৰা এইদৰে ভাপ উঠে। ভাপ বতাহতকৈ পাতল। ভাপ উঠি আকাশলৈ যায়।