আদি কবি। [ প্রথম অঙ্ক পাচত সঙ্গীত, বাঘ, নৃত্য, তাল, লয়, মূৰ্চ্ছনা, ছন্দ, কবিতা ৰাগ ৰাগিনী আদি । মই এতিয়া এই বিষয়ে ব্ৰহ্মাৰ মনত উদগনি দিওঁগৈ । ( প্রস্থান ) - -২য় দৃশ্য— ( ব্ৰহ্মলোক — ব্রহ্মা অকলে অকলে ) ব্ৰহ্মা—সুন্দৰ মানৱ লোকৰ স্ৰজন হল। বিধে বিধে প্ৰাণীৰ ৰাজ্য স্থাপন হল । সিহঁত সকলোৱে ৰংমনে খাই মেলি ফুৰিছে ; খেতি-বাতি কৰিছে ; দেখি মনত আনন্দ লাগে সৃষ্টি ক্ৰমাৎ বাঢ়িব লাগিছে । ( অলপ ৰৈ ) কিন্তু এটা কথা ; সিহঁতৰ ভিতৰত বৰ্ব্বতাও বাঢ়িব লাগিছে । কোমলতাতকৈ কঠোৰতাই সিহঁতৰ মাজত বেচিকৈ ঠাই পাইছে। সিহঁতৰ মাজত খোৱা-কামোৰা বেচি হৈছে । এতিয়াই সিহঁতৰ মাজত কোমলভাৱৰ প্ৰচাৰ নকৰিলে মোৰ সুন্দৰ সৃষ্টিৰ গতি ভিন্নমুখী হব । আদি কোমল কলাৰ প্ৰচলন কৰিম। লগত এটা যুক্তি স্থিৰ কৰা হওক । ( নাৰদৰ প্ৰবেশ ) প্রথমতে কাব্য এই বিষয়ে নাৰদৰ বাপা নাদ! নাৰদ—( প্রণাম কৰি ) পিতা ! দাসক স্মৰণ কৰিলে দেখোন।
পৃষ্ঠা:আদি-কবি.pdf/৮
অৱয়ব