পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/7

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫ ]

স ফ স্ফ আস্ফাল।
ষ ফ ষ্ফ নিষ্ফল।

 

ভাস্কৰ নামেৰে এজন পণ্ডিত আছিল।
খাজানা নোহোৱা মাটিক নিষ্কৰ বোলে।
গঁড়ৰ খড়্গ আছে।
সদ্গতি পাবলৈ সকলোৱে বাঞ্ছা কৰে।
পৰৰ দোষ উদ্ঘাটন কৰা অনুচিত।
দুখ কৰিলে নিশ্চয় সুখ হয়।
পানীত জন্মে এই কাৰণে পদুমক অব্জ বোলে।
বিষ্ণুৰ ভকত সকলক বৈষ্ণৱ বোলে।
দুষ্টৰ লগত সঙ্গ নেপাতিবা।
যুধিষ্ঠিৰ বৰ সাধু পুৰুষ আছিল।
বেলিৰ উদয় হলে দিন, অস্ত হলে ৰাতি হয়।
সকলোৰে অৱস্থা সমান নহয়।
কুলিৰ শব্দ শুনিবলৈ মধুৰ।
মেঘৰ গাজনিত সকলো স্তব্ধ হয়।
সুগন্ধি পুষ্প সকলোৰে আদৰৰ বস্তু।