পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/5

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩ ]

কাৰবাৰ নকৰিলে বাঞ্ছা পূৰ নহয়।
বুৰঞ্জী পঢ়িলে ভাল ভাল কথা জনা যায়।
দিনে ৰাতিয়ে চৌবিশ ঘণ্টা।
লৰাৰ ডিঙ্গিত কণ্ঠী মণিয়ে তুলি ধৰে।
পণ্ডিতে সকলো ঠাইতে আদৰ পায়।
ভিতৰুৱা কথা সণ্ঢালনি কৰা বেয়া।
সকলো জীৱ জন্তুৱে ৰাতি হলে শুই শান্তি লাভ কৰে।
দেৱতাসকলে সাগৰ মন্থন কৰি অমৃত উলিয়াইছিল।
কাৰে সৈতে দন্দ নকৰিবা।
সন্ধিয়া বেলিকা পচিম ফালে আকাশ ৰঙ্গা হয়।
সম্পদ কালত বহুত বন্ধু গোট খায়।
যতন কৰাঁ, তোমাৰ মনৰ কামনা সম্ফল হব।
প্ৰলম্ব নামেৰে এটা অসুৰ আছিল।
দম্ভ কৰি ফুৰা মানুহক কেৱেঁ ভাল নেপায়।
অতিকৈ আকাঙ্ক্ষা কৰা ভাল নহয়।