পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/25

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৩ ]

হেমন্ত।

 কাতি আৰু আঘোণ এই দুই মাহ হেমন্তকাল। এই সময়ত হিম পৰে আৰু অলপ অলপ জাৰ হয়। ৰাতি আৰু পূৱা কুঁৱলীৰে এন্ধাৰ হৈ থাকে। ৰাতিৰ পৰিমাণ বাঢ়ে আৰু দিনৰ পৰিমাণ কমি যায়। পথাৰৰ ধান পকি বৰ শোভা হয়। আঘোণৰ শেষৰ পৰা লাহি, শালিধান দাবৰ সময়।

শিশিৰ।

 পুহ আৰু মাঘ এই দুমাহ জাৰ। এই সময়ত পানী বৰ চেঁচা হয়। জুইৰ আৰু ৰদৰ তাপ বৰ ভাল লাগে। ৰাতি জাৰ গুচাবৰ কাৰণে মানুহে নিহালি, কঁঠা, কম্বল, আৰু দিনত এৰিয়া আৰু কপাহি বৰকপোৰ আদি জাৰৰ কাপোৰ ব্যৱহাৰ কৰে। চন্দ্ৰ আৰু তৰাবিলাকে ভালকৈ পোহৰ দিব নোৱাৰে। ৰাতি ধুঁৱলীকুঁৱলী দেখা যায়। দিন ছুটি, ৰাতি দীঘল হয়। মাহ সৰিয়হবিলাক পকে আৰু তুলি ছপাবৰ সময় হয়।

বসন্ত।

 ফাগুণ আৰু চত এই দুমাহ বসন্ত। দক্ষিণৰ পৰা ৰিব ৰিব বতাহ বয়। আকাশ নিৰ্ম্মল, চন্দ্ৰ