পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/23

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২১ ]



ছয় ঋতু।

 গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শিশিৰ, বসন্ত।

গ্ৰীষ্ম।

 বহাগ, জেঠ এই দুমাহ গ্ৰীষ্মকাল অৰ্থাৎ জহ। এই সময়ত ৰদৰ তাপ বৰ চোকা হয়। গা ঘামে আৰু পিয়াহ লাগে। জীৱজন্তুবিলাকে ৰদত তত্ নেপাই অত্ৰাহিত হৈ ছা আৰু পানী বিচাৰি ফুৰে। দক্ষিণৰ পৰা বতাহ বৈ মাজে ২ ধুমুহা আৰু বজ্ৰপাত হয়। আম, জামু, কঁঠাল আদি সোৱাদ ফলবিলাক পকে। এই সময়ত দিন দীঘল আৰু ৰাতি ছুটি হয়। বাৰিষা কৰিবলগীয়া খেতিৰ আৰম্ভৰ এইয়ে সময়। কঠিয়া পৰা, কুঁহিয়াৰ ৰোৱা, দ মাটি চহোৱা প্ৰভৃতি কাম কৰিবৰ আৰু জলকিয়া, বেঙ্গেনা, ধপাত প্ৰভৃতিৰ গুটি পচাবৰ সময়। এই সময়ত আহুধান দাবৰ আৰু ছপাবৰো সময় হয়।

বৰ্ষা।

 আহাৰ আৰু শাওণ এই দুমাহ বাৰিষা। এই সময়ত আকাশ মেঘেৰে ঢকা থাকে, সদাই