পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/22

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২০ ]

বালিচন্দাক অব্ভ্ বোলে৷
চন্দ্ৰই ৰাতি পোহৰ দিয়ে৷
দুষ্প্ৰবৃত্তিক মনত ঠাই নিদিবা৷
পৰৰ দ্ৰব্য লোষ্ট্ৰৱৎ পৰিত্যাগ কৰিবা৷


সাত বাৰ।

 ৰবি, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি৷

দুই পক্ষ৷

 শুক্ল আৰ কৃষ্ণ৷ পোন্ধৰ দিনে এক পক্ষ৷ যেতিয়া জোন সন্ধ্যাৰে পৰা ওলায় আৰু ক্ৰমে বাঢ়ি গৈ থাকে, সেয়ে শুক্ল পক্ষ৷ যেতিয়া সন্ধ্যাৰ সময়ত আন্ধাৰ থাকে, ৰাতি জোন ওলায় আৰু ক্ৰমে কমি গৈ থাকে, তাকে কৃষ্ণ পক্ষ বোলে৷ শুক্ল পক্ষৰ শেষ দিন পূৰ্ণিমা, কৃষ্ণ পক্ষৰ শেষ দিনা অমাৱস্যা হয়৷

বাৰ মাহ৷

 বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুণ, চত৷

ইংৰাজী মাহৰ নাম৷

 জানুৱাৰি, ফেব্ৰুৱাৰি, মাৰ্চ্চ, এপ্ৰিল, মেই, জুন, জুলাই, আগষ্ট, চেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ৷