পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/21

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৯ ]

ষ ট্ৰ ষ্ট্ৰ উষ্ট্ৰ, লোষ্ট্ৰ।

 

গছৰ বাকলিক বল্কল বোলা যায়।
লৰাবিলাকে গল্প শুনি মুগ্ধ হয়।
বাগ্দান কৰাৰ আগেয়েই উত্তম ৰূপে গমি চাবা।
দুগ্ধ বৰ শক্তি দিয়া বস্তু।
মানুহৰ ইচ্ছাৰ তৃপ্তি নাই।
সকলো কথাৰ তত্ত্ব বুজিবলৈ যত্ন কৰিবা।
জ্ঞানীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।
অশ্বত্থমা দ্ৰোণাচাৰ্য্যৰ পুত্ৰ আছিল।
সজ কথাত শ্ৰদ্ধা কৰিবা।
ভগৱন্তক চিত্তে সৈতে ভক্তি কৰিবা।
উদ্ভণ্ডালি কৰা লৰাক কেৱেঁ ভাল নেপায়।
পঢ়োঁতে আখৰবিলাক ফুটাই উচ্চাৰণ কৰিবা।
জ্ঞানী লোকে শাস্ত্ৰৰ আলোচনা কৰে।
বস্ত্ৰ মানুহৰ প্ৰধান লাগতীয়াল বস্তু।
সকলে কামৰে একোটা উদ্দেশ থাকে।
সুপুত্ৰে বংশ উজ্জ্বল কৰে।
সময়ৰ সদ্ব্যৱহাৰ কৰিবা।
শোকত বিহ্বল হোৱা মানুহক সান্ত্বনা কৰিবা।
মান্যৱন্ত লোকক সম্ভ্ৰম কৰিবা।