পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/15

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



[ ১৩ ]

কাকো অপ্ৰিয় কথা নকবা।
মনৰ গতি বৰ তীব্ৰ।
ভ্ৰম নোহোৱা মানুহ কোন আছে?
শ্ৰম নকৰাকৈ অজস্ৰে কোনেও খাবলৈ নেপায়।
আপুনি হোৱা ডাঙ্গৰ পুখুৰিক হ্ৰদ বোলে।

 

নকাৰ।

 

গ ন গ্ন অগ্নি, লগ্ন, মগ্ন।
ঘ ন ঘ্ন বিঘ্ন, কৃতঘ্ন।
ণ ন ণ্ন বিষণ্ন।
ত ন ত্ন ৰত্ন, যত্ন, পত্নী।
ন ন ন্ন অন্ন, প্ৰসন্ন, উৎপন্ন।
প ন প্ন স্বপ্ন।
ম ন ম্ন নিম্ন।
শ ন শ্ন প্ৰশ্ন।
স ন স্ন স্নান।
হ ন হ্ন আহ্নিক, পূৰ্ব্বাহ্ন, অপৰাহ্ন।
ক্ষ ন ক্ষ্ন তীক্ষ্ন।

 

অগ্নিয়ে সকলোকে পোৰে।
শুভকৰ্ম্মৰ অনেক বিঘ্ন।