সমললৈ যাওক

পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/14

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১২ ]

ত ৰ ত্ৰ সত্ৰ, ত্ৰাণ।
দ ৰ দ্ৰ ৰূদ্ৰ, ভদ্ৰ, সুভদ্ৰা।
প ৰ প্ৰ প্ৰণাম, প্ৰথম, প্ৰলয়, প্ৰিয়।
ব ৰ ব্ৰ তীব্ৰ, ব্ৰজ।
ভ ৰ ভ্ৰ ভ্ৰমণ, ভ্ৰম, ভ্ৰুকুটি।
ম ৰ ম্ৰ নম্ৰ, ম্ৰিয়মান।
শ ৰ শ্ৰ শ্ৰাৱণ, শ্ৰৱণী, শ্ৰম।
স ৰ স্ৰ অজস্ৰ, স্ৰোত।
হ ৰ হ্ৰ হ্ৰদ।

 

মানুহৰ সুখ দুখ ৰথৰ চক্ৰৰ দৰে ঘূৰি থাকে।
সকলো কাম তুখ্ৰংকৈ কৰিবা।
যুদ্ধ বিগ্ৰহ হলে দেশৰ পয়মাল হয়।
সুগন্ধি ফুলৰ ঘ্ৰাণে সকলোকে মোহিত কৰে।
বজ্ৰপাত হলে কাণ তাল মাৰি যায়।
এই সংসাৰৰ সকলো বিচিত্ৰ।
সুভদ্ৰা এজনা অৰ্জ্জুনৰ ভাৰ্য্যা আছিল।
প্ৰাণপণে বিপদত পৰা লোকক উদ্ধাৰ কৰিবা।