পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/13

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ১১ ]

নিৰ্দ্দয় মানুহ পশুৰ নিচিনা।
পাৰামানে মানুহৰ সুখ বৰ্দ্ধন কৰিবা।
অহঙ্কাৰী মানুহে দৰ্প কৰি ফুৰে।
ভয় খালে মানুহে কৰ্ফাল খায়।
সদাই ধৰ্ম্ম কৰ্ম্মলৈ মন দিবা।
সূৰ্য্যই পৃথিবীক পোহৰ দিয়ে।
চকুৰে সকলো দৰ্শন কৰা যায়।
ভূমি কৰ্ষণ কৰাই কৃষকৰ ঘাই কাম।
সদাই সন্ত লোকৰ আৰ্হি লৈ চলিবা।


ৰকাৰ।

 ব্যঞ্জনত ৰ যোগ কৰিলে তাৰ গঢ়    ্ৰ এনে হয়।

 

ক ৰ ক্ৰ ক্ৰ চক্ৰ, বক্ৰ।
খ ৰ খ্ৰ তুখ্ৰং।
গ ৰ গ্ৰ গ্ৰহ, নিগ্ৰহ, অনুগ্ৰহ।
ঘ ৰ ঘ্ৰ ঘ্ৰাণ, আঘ্ৰাণ।
জ ৰ জ্ৰ বজ্ৰ, বজ্ৰপাত।