পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/10

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৮ ]

অবাচ্য মাত কেতিয়াও নেমাতিবা।
সাধু লোক সকলোৰে পূজ্য।
তোমাৰ পাঠ্য পুথি পাঠ কৰা।
পাৰামানে পুণ্য সঞ্চয় কৰাঁ।
সদাই সত্য কথা কবা।
নৰীয়া হলে পথ্য খাবা।
বিদ্যাৰ সমান ধন নাই।
যতন কৰিলে অসাধ্যো সাধ্য হয়।
কন্যাদান বৰ দান।
ব্যাধৰ শৰত পৰিলে কোনো জন্তুৰ ৰক্ষা নাই।
পাৰামানে বিপদত পৰা মানুহক সাহায্য দিবা।
বাল্যকালতে বিদ্যা শিকিলোৱাঁ।
মন দি শিকিলে অৱশ্যে বিদ্যা হব।
সহ্য গুণ সকলোতকৈ ডাঙ্গৰ গুণ।