কিমান দিন দেখা নাই! শুনিছোঁ কৃষ্ণই ইয়াত যজ্ঞ পাতিছে—আমি এবাৰ প্ৰাণ কৃষ্ণক চাবলৈ আহিছোঁ! দেখুওৱা—এবাৰ প্ৰাণ কৃষ্ণক দেখুৱাই তোমালোকে আমাৰ প্ৰাণ বচোৱা!
১ম প্ৰহৰী—এতিয়াই ক'লা গোপালক চাবলৈ আহিছা। আকৌ এতিয়াই কাৰ কথা কৈছা? বলিয়ালী কৰিবলৈ আৰু ঠাই নেপালা? যোৱা—যোৱা—যি বাটে আহিছা সেই বাটে বাটে আকৌ উভটি যোৱাগৈ! নহলে পাবা—যোৱা—এই পিনে কাৰো যাবৰ হুকুম নাই!
যশোদা—কানাই! কানাই! ক'ত আছ বাছা? এবাৰ দেখা দে! এবাৰ চাই যা বাছা—তোৰ পিতৃ মাতৃৰ বিলৈ! তোমালোকে কানাইক চিনি নেপোৱা? কানাইৰ—বহুত নাম! কানাই আমাৰ ঘৰ সুদা কৰি আমাক অন্ধলা কৰি গুছি আহিল! আমি সেই কানাইৰ—মাক—বাপেক! কিমান দিন আমি কানাইক দেখা নাই! এবাৰ তোমালোকে—কানাইক খবৰ দিয়া! আমি আহিছোঁ বুলি কলে কানাই থাকিব নোৱাৰে—নিশ্চয় আহিব!
১ম প্ৰহৰী—তোমালোকে কানাই কানাই কৰি কাণ ঘোগোলা কৰিলা! তুমি আকৌ তাতে—তিৰোতা মানুহ! তোমালোকৰ ভয় সংশয় নাই নে কি? যোৱা—এই বাটেদি কাকো যাবলৈ দিবৰ হুকুম নাই—যোৱা ইয়াৰ পৰা! আঁতৰ হোৱা নহলে কথা বেয়া হব!