সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
[ ২য় অঙ্ক
অৱসান

[ সকলোৰে প্ৰস্থান আৰু প্ৰহৰী দুটাৰ গীত ]

বেটিক ৰং কৰোতে খং কৰে তাই!
কতনো মৰোঁ কি কৰোঁ হাঁয় হাঁয় হাঁয় হাঁয়!
( তাইৰ ) হাঁহিলে ওলায় দাঁত
 মুখনি যেন কচুপাত!
ৰংটিনো তাইৰ কি চাবা যেন—
 চুৱা চৰুৰ ছাই!
আকৌ ৰং কৰোতে থং কৰে তাই!

 ১ম প্ৰহৰী—হেৰ ভূতৰ ওপৰতে দানহ দেখোন একা। আকৌ দেখোন কোনোবা কেটামান ওলাইছেহি! ইহঁতে বা আকৌ কি ধেমালি দেখুৱায়!

[ নন্দ আৰু যশোদাৰ প্ৰবেশ ]

 ২য় প্ৰহৰী—তহঁত ক'ব অ'? কলৈ যাৱ? কি লাগে তহঁতক?

 নন্দ—আমি বহুত দূৰৈৰ পৰা আহিছোঁ—গকুলৰ নাম শুনিছা? সেই গকুলৰ পৰা আহিছোঁ।

 ১ম প্ৰহৰী—বেছ কৰিছা গোকুলৰ পৰা আহিছা? পিছে লাগে কি? কি বিচাৰি আহিছা?

 যশোদা— আমি গোপালক বিচাৰি আহিছোঁ। এবাৰ আমাৰ গোপালক দেখুওৱা!

 ২য় প্ৰহৰী—গোপালক চাবা! মোৰ নামেই গোপাল! চোৱা কিমান চাবা!

 নন্দ—উপহাস নকৰিবা। আমাৰ প্ৰাণ—কৃষ্ণক—আমি