সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬ষ্ঠ গৰ্ভাঙ্ক
৮৫
অৱসান

 ২য়—এক দুই লেখ—খং নামে চাণ্ডাল! চাণ্ডালৰ হে খং উঠে! তই চাণ্ডাল নে কি?

 ১ম—তোৰ বাপেৰ চাণ্ডাল!

 ২য়-তোৰ মাৰ জানো চাণ্ডালনী?

 ১ম–কি একা তোৰ দেখোন সাহ বাঢ়িহে গৈছে! জনা নাইনে?

 ২য়—জানিছোঁ—তোমাৰ টুটি গৈছে!

 ১ম–ৰ বাপেৰে—টুটিছে নে কি হৈছে দেখুৱাওঁ!

 [ লৰ মাৰি ২য় টোৰ টেটু চেপি ধৰে গৈ আৰু ২য় টোৱে উপায় নেপাই চিকুটি দিয়ে। ]

 উস্ উস্ উস্ কি ঔ! কিহবাই কামুৰিলে ঔ!

 ২য়—ইস্ ইস্ ইস্ কি ঔ! কিহে কামুৰিলে ঔ! ওক তেও কামোৰ টোতে টোপণীটো তোৰ ভাগিল। ভাল হল সোণাই—এতিয়া পহৰা দিয়া—মই শোঁও।

[ পাগুৰি সোলোকাই পাৰিলৈ শোৱে। ]

 ১ম–শুৱাব ৰ বাপেৰে—সৌৱা কোনোবা আহিছে।

 ২য় হয় নেকি? বাৰু তয়ে সমিধান দিবিছোন।

 [ বৃন্দা ললিতা আদি সখিবিলাকেৰে সৈতে ৰাধা জটিলা কুটিলা ধনিষ্ঠা আৰু কৃত্তিকাৰ প্ৰবেশ। ]

সখি বিলাকৰ গীত

ৰূদ্ধ দুৱাৰ মুখৰ তোমাৰ অতিথী উপবাসী।
ভিখাৰী তোমাৰ চৰণ ধুলাৰ ভিক্ষা অভিলাষী!
তুমি যে আমাৰ সপোনৰ নিধি
 জীৱনৰ ধ্ৰুব লক্ষ্য।