এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
[২য় অঙ্ক
অৱসান
[ দুয়ো গীত গায় ]
পহৰা দিয়া বাব্, আমাৰ পহৰা দিয়া বাব!
কাম কাজ আমাৰ একো নাই পহৰা দিয়া বাব্!
ৰজা বোৰে ভাবি মৰে একো সুথ নাই—
কেৰাণীয়ে লেখি মৰে তেও গালি খায়—
উকীল বোৰে বকি মৰে মুখে ফেনাই যায়—
আমাৰ টোৱেই বহি খোৱা বঢ়িয়া খিতাব্!
[মুঠেই] পহৰা দিয়া বাব্!
১ম—গান গাই ভাগৰ লাগিল বোপাই—তই অকণমান পহৰা দে ভাই—মই এখন্তক শোঁও।
২য়—ইস্ বাৰুটো একা অ'! তয়ে পহৰা দেছোন মই এখন্তক শোঁও।
১ম—হেৰা ককাইটি, তুমি অকণমান পহৰা দিয়া ঐ মই শোঁও।
২য়—তয়ে দেছোন মই শোঁও।
১ম–হেৰি—দিয়ক শুনিছেনে এখন্তক পহৰা–মই শোঁও।
২য়—কটা তয়েনো নিদিয় কিয়—মই শোঁও।
১ম—উস্ চোৱা বাৰু—মই তাক ইমান মান সৎকাৰ কৰি—বেথা লগাই কলোঁ তেও তাৰ গাই নলৰিল! উস্—মই কি কৰে৷ এতিয়া—মোৰ ইমান খং উঠিছে—! কি কৰে—মোৰ খুব খং উঠিছে!