২য়—ভৰিত ধৰ।
[ ভৰি এটা ডাঙ্গি আগ বঢ়াই দিয়ে। )
১ম প্ৰহৰী—এই পথৰা ওলোৱা ৰিটোত!
[ মুৰ ইফালে সিফালে ঘূৰাই পকাই আঁতৰৰ পৰা চায় ]
ইস্! ধৱল কুষ্ঠ! একেবাৰেই—বৰ বেমাৰ!
২য় প্ৰহৰী–ধেৎ কটা! মিছাই কৈছ। সেইয়া জুয়ে পোৰাৰ চিন্! তেনেকুৱা বগা তোৰ ভৰিতো আছে সেইয়া!
১ম প্ৰহৰী—ক’তা অ ক'তা মোৰ ভৰিত—তোৰ মূৰটোত! দেখুৱাৰ পাৰিবি নে?
২য় প্ৰহৰী—পাৰিম তো! সেইয়া দেখোন—সৰু গাঠিৰ ওপৰতে—
১ম প্ৰহৰী—দেখুৱাই দে ক'ত!
[ ২য় প্ৰহৰীয়ে ১মৰ ভৰিত ধৰি দেখুৱাবলৈ আহে আৰু ১ম প্ৰহৰীয়ে মিচিক্ মিচিক্ কৈ হাঁহে ]
২য় প্ৰহৰী—এইয়া দেখোন চা—এ-নহয়! বোকাহে অকণমান লাগি শুকাই বগাহৈ আছিল! হাতেৰে চোঁ তেই এৰাই গল।
১ম প্ৰহৰী—বাৰু দে তোক ক্ষেমা কৰিলোঁ।
২য় প্ৰহৰী—কিহৰ ক্ষেমা কৰিলি অ' কিহৰ ক্ষেমা কৰিলি?
১ম প্ৰহৰী—ভৰিত ধৰিলিহি যেতিয়া ক্ষেমা নকৰিলে জানো ভাল পাবি? বাৰু এতিয়া গা দে।