সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম গৰ্ভাঙ্ক ]
৮১
অৱসান
ব্ৰজভূমি—

কিয় দয়াময়ী তযু এনে ব্যবহাৰ!
কিবা হেতু আজি মোক কৰা পৰিহাৰ!
তযু পদ-বজ কৰি হৃদিত ধাৰণন—
ধন্য এই ঘৃণিত জীৱন!
তুমি আছা বুলি দেবী—
বৰ আশা কৰিছিলোঁ আহিব মাধব—
বৰ আশা কৰিছিলোঁ—
ৰাধা-কৃঞ্চ ডউভয়েই—
বিহাৰ কৰিবা পুনু মোৰেই বক্ষত!
কিন্তু, আজি—
আশা মোৰ—ভস্মহল—
হৃদয়—শ্মশান হল!

[ ৰাধাৰ ভৰিত পৰি কান্দে। ]

ৰাধা—

নেকান্দিবা দেবী—
নকবিবা—ভয়—
কোনো কালে নেৰোঁ বুলি জানিবা তোমাক
বৈকুণ্ঠ সমান প্ৰিয় এই ব্ৰজধাম!
 ধূলি কণা—তাৰ—দেৱতা বাঞ্ছিত!
অনন্ত অনন্ত কাল ৰজনী যোগত—
প্ৰতি নিতে—ৰাধাকৃষ্ণ—
বিহাৰ কৰিব দেবী তোমাৰ বক্ষত।
যিজনে কাৰব তযু—
পদৰজ শিৰত ধাৰণ—