এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
[২য় অঙ্ক
অৱসান
হেৰ কুটীলা!অ' কুটীলা! ওলাহঁত বেগাই। বোৱাৰী! অ বোৱাৰী—।
[ ৰাধাৰ প্ৰবেশ ]
কৃত্তিকা—এইয়া ৰাধা আহিছেই! যা আই—ওলা গৈ। শাহুৱেৰেও কৈছে—জোঁৱাইকো এবাৰ সুধি চাগৈ।
জটিলা—যা—আয়ানকো এবাৰ সোধ গৈ। কুটীলাকো বেগতে ওলাবলৈ কগৈ। কলৈ গল ভাই?
ৰাধা—ঘৰত নাই—যমুনালৈ যাব পায়!
ধনিষ্ঠা—বাৰু—আমি বাটত পাঁও যদি সোনকালে পঠিয়াই দিম। তোমালোক ওলোৱাহঁত পলম নকৰিবা। আমিও ওলাঁও গৈ।
[ যশোদা কৃত্তিকা ধনিষ্ঠা আৰু জটিলাৰ প্ৰস্থান। ৰাধাই তন্ময় চিত্তে
দূৰৈৰ গীত শুনি থাকে ]
[ দুৰৈত ব্ৰজভূমিৰ গীত। গাই গাই লাহে লাহে প্ৰবেশ কৰি
ৰাধাক সেৱা কৰে। ]
কতনো কান্দিলো চকুলো টুকিলো
নুপজিলে কাৰো দয়া লেশ।
[মোৰ] হৃদয় কানন উজাৰ কৰিলে
নথলে সুখৰ অৱশেষ।
চিৰ মিলনৰ চিৰ অভিলাষ—
চিৰ জীৱনৰ চিৰ সুখ আশ—
চিৰ অন্ধকাৰে আবৰি ধৰিলে,
[মোৰ] জীৱন কৰিলে শেষ।