এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নিবেদন।
সহৃদয় পাঠক পাঠিকা সকল,
“বাউলী” মোৰ—আপোনাসকলৰ যি অকৃত্ৰিম মৰমচেনেহ পাই চিৰঋণী — তাকে বুকুৰ কৱচ কৰিলৈ—আজি আজি “অৱসান” আগবঢ়াই আপোনাসকলৰ আশীৰ্ব্বাদ ভিক্ষাৰী হৈছোঁ। বহুদিনৰে দুখ দাৰিদ্ৰ্যৰ হেঁচাত এধামৰা এধাজীয়া হৈ জিপাই থকা এটা হেঁপাহ—আৰু এই মৰ সাহ— তাকে পূৰোৱা প্ৰয়াস। এনেয়ে নাটক তাতে আকৌ অমিত্ৰাক্ষৰ ছন্দ—অণিপূণ লেখনীৰ! যদি এধানি মানো চেনেহমৰমৰ অধিকাৰী হয়—সি আপোনাসকলৰ সহৃদয়তাৰ গুণত। কিমধিকমিতি।
আশীৰ্ব্বাদ ভিক্ষাৰী
কমলানন্দ ভট্টাচাৰ্য্য