সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ গৰ্ভাঙ্ক ]
৭৫
অৱসান

ব্ৰহ্মলোক ভূলোক দ্যুলোক—
বিদ্যমান তব শৰীৰত!
আহা! ইকি অপৰূপ—
তোমাৰ দেহতে পুনু দেখিছোঁ তোমাক!
বামপাৰ্শে মাধবৰ শোভিছা তুমিয়ে!
বিকল অন্তৰ মোৰ—কঁপিছে শৰীৰ—
বাক্‌শক্তি ৰুদ্ধপ্ৰায় মোৰ!
দয়া কৰা দয়া কৰা—
কৰা দেবী ৰূপ সম্বৰণ!

 [ ৰাধাৰ দিব্যজ্যোতি অদৃশ্য হয়। আয়ানে ৰাধাৰ চৰণত সাষ্টাঙ্গে প্ৰণিপাত কৰে। ]

পূৰ্ণ ব্ৰহ্মময়ী ৰাধা!
জ্ঞান চকু আজি মোৰ—
হ'ল উন্মিলিত!
দূৰ হল মায়া মোহ!
পৰাৎপৰা পতিতপাৱণী!
তুমি সত্য তুমি নিত্য
তুমি বিনে সকলো অনিত্য!
তুমি লক্ষ্মী সৰস্বতী—
তুমি দূৰ্গা ভগৱতী—
বৃষভানু কন্যাৰুপে
আয়ান-গৃহিণী বুলি
মহিমা তোমাৰ মাত্ৰ কৰিছা প্ৰচাৰ।