সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
[ ২য় অঙ্গ
অৱসান
অবিৰল চকুলোৰ ধাৰা বৰিষণ?
ৰাধা—

আছে কথা—নিবেদিম সকলো পিছত!
কোৱা আগে—
কিবা হেতু পৰিশ্ৰান্ত তুমিনো ইমান!
আনো মই পানীয় আহাৰ—
শ্ৰান্তি দূৰ কৰা পান কৰি।

 [ ৰাধাই ভিতৰৰ পৰা নিজহাতে পানী আনি আয়ানক দিয়েহি। আয়ানে খায়। ]

আয়ান—

বৰ তৃপ্ত হলোঁ কমলিনী—!
অনুমান হয়—
জন্মজন্মান্তৰ হেতু—
আজি যেন তৃষ্ণা মোৰ হল নিবাৰণ!

ৰাধা—

জন্ম জন্মান্তৰ হেতু—
সচাকৈয়ে আজি হন্তে—
ক্ষুধা তৃষ্ণা দূৰ হব তব।

 [ ৰাধাই আয়ানৰ গা স্পৰ্শ কৰে। ৰঙ্গমঞ্চ অন্ধকাৰ হৈ ক্ষস্তেকতে ৰাধাৰ শৰীৰৰ দিব্য জ্যোতিৰে সকলো উজ্জ্বল হৈ পৰে। মুগ্ধ আয়ানে ৰাধা শৰীৰত বিশ্বৰূপ দৰ্শন কৰি তন্ময় চিত্তে কবলৈ ধৰে। ]

আয়ান—

ইকি জ্যোতি, ইকি ৰূপ দেখিছোঁ তোমাৰ!
ইকি দেখোঁ তব শৰীৰত!
আকাশ—পাতাল—ভূমি—পৰ্ব্বত সাগৰ—
নাগ নৰ সুৰাসুৰ গন্ধৰ্ব্ব কিন্নৰ—