এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
[ ২য় অঙ্গ
অৱসান
| অবিৰল চকুলোৰ ধাৰা বৰিষণ? |
| ৰাধা— | আছে কথা—নিবেদিম সকলো পিছত! |
[ ৰাধাই ভিতৰৰ পৰা নিজহাতে পানী আনি আয়ানক দিয়েহি। আয়ানে খায়। ]
| আয়ান— | বৰ তৃপ্ত হলোঁ কমলিনী—! |
| ৰাধা— | জন্ম জন্মান্তৰ হেতু— |
[ ৰাধাই আয়ানৰ গা স্পৰ্শ কৰে। ৰঙ্গমঞ্চ অন্ধকাৰ হৈ ক্ষস্তেকতে ৰাধাৰ শৰীৰৰ দিব্য জ্যোতিৰে সকলো উজ্জ্বল হৈ পৰে। মুগ্ধ আয়ানে ৰাধা শৰীৰত বিশ্বৰূপ দৰ্শন কৰি তন্ময় চিত্তে কবলৈ ধৰে। ]
| আয়ান— | ইকি জ্যোতি, ইকি ৰূপ দেখিছোঁ তোমাৰ! |