এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
[ ২য় অঙ্ক
অৱসান
মই নকৰোঁ বাৰু তোমালোক যেতিয়া কালিলৈ যাবাগৈ তোমাৰ শ্ৰীৰাধিকা সখীক সকলোৰে পিছত যাবলৈ কবা। মই লগ ধৰি তোমাৰ সখিক দুআষাৰ কথা কম। তোমালোক লগত থাকিলে মই আৰু দেখা নকৰোঁ। এতিয়া যোৱা—ময়ো যাওঁ।
[ গীত গাই গাই উন্মাদিনীৰ প্ৰস্থান ]
বৃন্দা—কোন এই উন্মাদিনী!
[ লাহে লাহে যায় গৈ। ]
চতুৰ্থ গৰ্ভাঙ্ক।
[ বৃন্দাবন। ৰাধাৰ কক্ষ। বৃন্দা আৰু বাধা। ]
| বৃন্দা– | বাৰ্তা পালোঁ পৌৰ্ণমাসী দেবীৰ কৃপাত |