মোৰ সেই আশাত ছাই পৰিল! মোৰ সেই আশা নিষ্ঠুৰ কালে উটাই লৈ গুছি গল! মোক অনাথিনী কৰি—মোৰ সৰ্ব্বস্ব—মোৰ জীৱন—মোৰ প্ৰাণ কাঢ়িলৈ গুছি গল! মোৰ হৃদয় শ্মশান কৰি গুছি গল! তুমি মোক কিয় বাধা দিলাহি? মোৰ তাপ শান্তিত কিয় বিঘিনি ঘটালাহি!
বৃন্দা—মই তোমাক কেতিয়াও আত্মহত্যা কৰিবলৈ দিব নোৱাৰোঁ। শ্ৰীৰাধিকাৰ দৰে বিৰহিনী—যশোদা মাতৃৰ দৰে অনাথিনীয়েও ইমান কষ্ট ইমান সন্তাপ সহিও প্ৰাণ ধৰি আছে! তুমি কিয় আত্মহত্যা কৰিবা?
ব্ৰজভূমি—তেওঁলোকৰ আশা আছে—সুখ সূৰ্য্য আকৌ উদয় হব! মোৰ তো একো নাই—মই যে সৰ্ব্বস্বান্ত! তোমালোকৰতো আজিয়েই এই ব্ৰজভূমিত শেষ দিন!— তোমাৰ শ্ৰীৰাধিকাও কালিলৈ ব্ৰজভূমি এৰি গুছি যাবগৈ! মই কি কৰিম? কলৈ যাম? ক'ত আশ্ৰয় পাম? মোক বাধা নিদিবা! মই এই যমুনাৰ কোলাতে চিৰ আশ্ৰয় লওঁ!
বৃন্দা—মোৰ চকুৰ আগত মই তোমাক কেতিয়াও আত্মহত্যা কৰিবলৈ নিদিওঁ! যদি মোৰ কথা শুনা ব'লা তোমাক শ্ৰীবাধিকাৰ কাষলৈ লৈ যাওঁ। তেওঁৰ ওচৰ পালেগৈ তোমাৰো চকুৰ পানী ওলাব—সংকল্প ভ্ৰষ্ট হব! তথাপিও যদি মোৰ কথা নুশুনি আত্মহত্যাৰ চেষ্টা কৰা—ময়ো কৈছোঁ ময়ো তোমাৰ অনুগামী—হম! আহাঁ! মোৰ কথা শুনা!
ব্ৰজভূমি—মই নেযাও—মোৰ জীৱনত আৰু একো প্ৰয়োজন নাই। কিন্তু তোমাৰ মই অনুৰোধ ৰাখিম! আত্মহত্যা