তেন্তে প্ৰভো!
অপৰাধ নলবা দাসৰ—
যজ্ঞ-নিমন্ত্ৰণ দিম গোকুল বাসীক।
তুষ্ট কৰি ব্ৰজবাসী পৌৰ্ণমাসী দেবী—
কাৰ্য্য মোৰ কৰিম সাধন।
ভাগ্যবলে অক্লেশে লভিলে—
তোমাহেন গুণনিধি—
ভাগ্য দোষে পাই হেৰুৱালে!
তাতে এই অনাদৰ—
শক্তিশেল সম হব গোকুল বাসীৰ!
হে গোবিন্দ! ময়ে উপলক্ষ হই—
নোৱাৰোঁ বিন্ধিব এনে নিদাৰুণ শেল।
সেয়ে হলে—
কলঙ্ক আহিব নাথ—
দয়াময় নামত তোমাৰ!
সেয়ে হলে প্ৰভো!
বিধি-কাৰ্য্য নহব সাধন।
ৰাধা-কৃষ্ণ নহব মিলন।