সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
[ ২য় অঙ্ক
অৱসান

এয়েতো এয়েতো য'ত
অমৰত্ব ভক্ত সবে কৰি আকিঞ্চন—
বিষ্ণু-পদ কৰি আৰাধন
ভক্তি-প্ৰেম অমোঘ পাশেৰে
ৰাখিছে বিষ্ণুকো বান্ধি।
এয়েতো—অমৰ ধাম—বিচিত্ৰ সংসাৰ!
য'ত,—
উত্তাল তৰঙ্গ ঠেলি মায়া সমুদ্ৰৰ—
ক্ষুদ্ৰ সংসাৰীয়ে লভে অমৰ বিষ্ণুত্ব!
এয়েতো এয়েতো সেই—
ৰাধা পদ বিলসিত বিচিত্ৰ সংসাৰ!
কিন্তু এই সংসাৰ অশ্বস্থ—
বাৰ্দ্ধক্য জড়তা-বৃত—
পাপ গ্লানিসিক্ত তাৰ অঙ্কুৰ পল্লব।
সেই হেতু অতি শীঘ্ৰে,—
অন্যতম হব লাগে গতি নিয়তিৰ!
অসম্ভব সেয়ে হোৱা
যদুকুল নহলে নিৰ্ম্মূল!
নকৰিলে তাকে
গুৰুভাৰ ধৰিত্ৰীৰ নহয় লাঘব!
প্ৰভাসৰ যজ্ঞকেই উপলক্ষ কৰি—
যদুকুল নিৰ্ম্মূলৰ কৰিম উপায়!
কাৰ্য্য মোৰ সেই দিনা