সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
[২য় অঙ্ক
অৱসান

সূৰ্য্য-গ্ৰহণৰ আগে
হব লাগে পূৰ্ণ আয়োজন।
অষ্টাদশ দিন মাত্ৰ বাকী!
শীঘ্ৰে কৰা উদ্যোগ ৰাজন!

কৃষ্ণ—

বলা দাদা! কৰোঁগৈ যজ্ঞ আয়োজন!
আহোঁ পিতা! আহিলোঁ দেবৰ্ষি।

[ বসুদেবক সেৱা কৰি কৃষ্ণ বলোৰামৰ প্ৰস্থান ]

নাৰদ— বলা যাও আমিও ৰাজন!
বসুদেব— বলা ঋষিবাজ! সভা ভঙ্গ হক আজিলই।
নাৰদ—

[ স্বগতঃ ] হে মাধব! আশা মোৰ কৰিবা পূৰ্ণ!
চাবা প্ৰভু! যত্ন যেন নহয় নিষ্ফল!

[ সকলোৰে প্ৰস্থান ]

দ্বিতীয় গৰ্ভাঙ্ক।
[ দ্বাৰকাৰ সুসজ্জিত কক্ষাভ্যন্তৰত শ্ৰীকৃষ্ণ। ]

শ্ৰীকৃষ্ণ—

ধৰিত্ৰীৰ গুৰুভাৰ হৰণৰ হেতু,
জন্ম মই ধৰিলোঁ ধৰাত।
ধৰ্ম্মযুদ্ধ কুৰুক্ষেত্ৰতেই
অৰিকুল পৃথিবীৰ কৰিলোঁ নিঃশেষ।
বৈৰী ভাবে কৰি আৰাধনা
ভাগ্যবান কত ভক্তে পালে পৰিত্ৰাণ!