কুৰুক্ষেত্ৰ সমৰ ক্ষেত্ৰত— সেই হেতু আজি কৃতবৰ্ম্মা সাত্যন্তীৰ— ৰণ-লিপ্সা হইছে সজাগ! আনাহে উদ্ধব! আনা তুমি কৌমুদকী— বীণা আছে মোৰ! আহা আমি কৰোঁ ৰণ! তৃপ্ত হক যাদব সকল!
হে দেবৰ্ষি! বৃথা ধেমালীত কিয় কৰা কালক্ষয়! অবাবত গইছে সময়— প্ৰয়োজন সোধা হোৱা নাই। সোধা নাই—আগমন সমাচাৰ তযু।
হে দেবৰ্ষি! বালক সাত্যকী। নবুজি মহিমা তযু— কৰে উপহাস। কতদিনে পাইছোঁ দৰ্শন— কতদিন শুনা নাই— উপদেশ-বাণী শ্ৰীমুখৰ! কোৱা দেব! কোৱা আজি— জ্ঞানকাণ্ড—কৰ্ম্মকাণ্ড—ভক্তি বিবৰণ।