সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
[১ম অঙ্ক
অৱসান

দেখিম তেতিয়া,—
কত ৰূপ ধৰে সেই গোৱালী ৰাধাই?

[ দুয়োৰে প্ৰস্থান ]

সপ্তম গৰ্ভাঙ্ক।

 [ দ্বাৰকা। সাগৰৰ উপকুল। সমুদ্ৰৰ উত্তালতৰঙ্গৰাশি নিৰীক্ষণ কৰি অকলে নাৰদ। ]

নাৰদৰ গীত

হৰি-পদ-পঙ্কজ ভজ মন।
 ভক্ত-তৰণ-তৰী ভব-বন্ধন!
 হৰি-পদ ভজ মূঢ় চঞ্চল মন!
 হৰি-পদ-পঙ্কজ ত্ৰিতাপ-হৰণ!
 হৰি-পদ-ৰজ হ-মুকুট-ভূষণ!
 মুক্তি কল্পতক জগবন্দন!

নাৰদ—

কাৰ্য্য মোৰ নহল সাধন!
ব্যৰ্থ আশ, বিফল প্ৰয়াস!
আজ্ঞা পালি বিধাতাৰ—
নিবেদিলোঁ মাধবক—
দাৰুণ দুৰ্দ্দশা-কথা
গোকুল বাসীৰ।
চকুলোৰে তিতাই ধৰণী—