সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
[১ম অঙ্ক
অৱসান

সেয়েনেকি সখি মোৰ—
অন্তৰ্য্যামী তুমি—!
সেয়েনেকি সখি মোৰ
অণু পৰমাণু কৰি চিনিছা কৃষ্ণক!

[ নাৰদকলৈ বৃন্দাৰ পুনঃ প্ৰবেশ।
নাৰদে ৰাধাক সেৱা কৰে। ]

নাৰদ—

ক্ষমিবা জননী!
যদি কিবা কৰি আছোঁ দোষ!

ৰাধা—

উঠা ঋষিৰাজ!
গোপনাৰী—মই!
কিয় মোৰ সাধা অকল্যাণ?

নাৰদ—

কিবা হেতু দয়াময়ী ভুলোৱা দাসক!
আদ্যাশক্তি মহামায়া ত্ৰিগুণ ধাৰিণী!
ৰজো গুণে তুমি মাতৃ সৃজন কাৰিণী!
তমো গুণে কৰা নাশ সত্ত্বৰে পালন!
সৃষ্টি স্থিতি প্ৰলয়ৰ তুমিয়ে কাৰণ।
মহালক্ষ্মীৰূপে কৰা বৈকুণ্ঠে বিলাস!
গোকুলত ৰাধা-ৰূপে হইছা প্ৰকাশ।
বাঞ্ছা তযু পূৰণৰ হেতু—
কৃষ্ণ-ৰূপে ধৰিত্ৰীত বিষ্ণু অৱতাৰ!
অন্তৰ্য্যামী তুমি মাতৃ।
মনোভাব বিদিত তোমাৰ!

ৰাধা— যোৱা ঋষিৰাজ! মনোবাঞ্ছা পূৰ্ণ হোক।