নোহে ইটো কৃষ্ণৰ মুৰুলী!
কৃষ্ণৰ মুৰুলী সুৰে মুগ্ধ কৰে মন!
ই মুৰুলী সুৰে কৰে স্নেহ সম্পাদন!
কৃষ্ণৰ মুকলী সুৰে হাণে কামবাণ—
এই সুৰে কৰে মাত্ৰ দয়া-যুক্ত প্ৰাণ!
কৃষ্ণ-বংশীধ্বনি শুনি শিয়ৰে যে স্তন—
ই সুৰত স্তনে কৰে ক্ষীৰ বৰিষণ।
কৃষ্ণ মুৰুলীত জাগে লজ্জা অনুৰাগ—
ই সুৰত জাগে মাথোঁ ভকতি বিৰাগ!
সেই হেতু কওঁ সখি নহয় মাধব।
যোৱা সখি,—
চাই আহোঁ শীঘ্ৰে গই—
কোন তেওঁ মুকলী সাধক!
বাঁহী যেন নবজায়,—
কৰিবা ৰাবণ—!
নহলে ঘটিব জানা হিতে বিপৰীত!
মুৰুলীৰ ধ্বনি যদি শুনে নন্দৰাণী—
উল্লাসিত হব অতি পুত্ৰ অনুমানি—
ক্ষীণ দেহে লৰি আহি নেদেখি পুত্ৰক—
নিশ্চয় ত্যজিব প্ৰাণ!
যোৱা সখি শীঘ্ৰে গই কৰা নিবাৰণ।