সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম গৰ্ভাঙ্ক ]
৪১
অৱসান

গোৱা বীণা—
এক মনে গোৱা গান
শ্ৰীমতি ৰাধাৰ—

 [ মুকলী সুৰত নাৰদৰ বীণা বাজি উঠে। নাৰদ যাব খুজি হঠাৎ ৰাধাক দেখি বই যায়। ]

কোন সৌৱা ভূলুষ্ঠিত কদম্ব মূলত!
ইষ্ট দেবী মোৰ!
এয়ে নেকি সেই ৰূপ!
হে ৰাধাৰমণ!
কী নিকৰুণ দৃশ্য চোৱাহি এবাৰ!
 [ ৰাধাক সেৱা কৰে। ]
 নমিছোঁ চৰণ দেবী—
 ক্ষমিবা দাসক—।
 মনোবাঞ্ছা কৰিবা পূৰণ!
গোৱা বীণা!
ৰাধা নাম কৰা উচ্চাৰণ।

 [ মুকলী সুৰত ৰাধা নাম গান কৰি নাৰদৰ প্ৰস্থান আৰু বৃন্দা ললিতা আদি সখি বিলাকৰ প্ৰবেশ। ]

ললিতা—

অকস্মাৎ বংশীৰৰ!
সেই ৰাধা ৰাধা সুৰ!
কেনি সখি? কোন পিনে?
শুনা সখি শুনা সেই উন্মাদিনী সুৰ!