কেনে আছে ব্ৰজবাসী—
বৃন্দাবন ধাম!
দেখিলোঁ সকলো।
নাপাঁও যদ্যপি—
দৰশন শ্ৰীৰাধাৰ—
বিফল ভ্ৰমণ মোৰ!
ভক্তবাঞ্ছা প্ৰদায়িণী
ইষ্টদেবী মোৰ—
অজ্ঞাতে নমিছোঁ শিব—
উদ্দেশে তোমাৰ!
মনোবাঞ্ছা কৰিবা পূৰণ।
আজ্ঞা বিধাতাৰ,—
মিলন ঘটাব লাগে
ৰাধা মাধবৰ!
শতবৰ্ষ—শাপ হেতু—
ৰাধাদেবী ভুঞ্জিলে যন্ত্ৰণা!
পূৰ্ণ হল শতেক বছৰ!
তথাপিও ৰাধানাথ—
অহা নাই ব্ৰজধাম লই!
কত স’ব পৰিতাপ!
ক্ৰোধ-বশে যদি দেবী—
প্ৰচাৰে নিশ্বাস-
ভস্মস্মাৎ হব ত্ৰিভূবন!