আজি নাথ কেনেকই—
ভুলিছা সকলো?
প্ৰিয়তম! নাইনে মনত পৰা—
কলঙ্ক-ভঞ্জন কথা মানিনী ৰাধাৰ!
[ “কলঙ্ক ভঞ্জন”ৰ স্বপ্নস্থতি দৃশ্যত প্ৰতিফলিত হয়। ]
পৰেনে মনত আজি—
যমুনা পাৰৰ সেই—
নৌকা যাত্ৰা কথা!
পাহৰি গলানে প্ৰভো!
চন্দ্ৰাৰ প্ৰেমত পৰি—
নহা দেখি তুমি—
হৈছিলোঁ দুৰ্জ্জয় মানিনী!
তেতিয়া শ্ৰীনাথ!
কত দুখ পাইছিলা হৃদিত তোমাৰ!
কিভাবে ভঞ্জন মান—
কৰিছিলা মানিনী ৰাধাৰ!
[ “মান-ভঞ্জনৰ” স্বপ্ন-স্মৃতি দৃশ্যত প্ৰতিফলিত হয়। ]
পৰেনে মনত নাথ,
যোগীবেশে অধিনীক দৰ্শন দিয়া!
ৰাজবেশে সজাই যতনে
অধিনী দুখুনী এই ৰাধাক তোমাৰ—
কত প্ৰেম কৰিছিলা যমুনা-কুঞ্জত!