সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম গৰ্ভাঙ্ক ]
৩৫
অৱসান

লুকাল সৌন্দৰ্য।
তোমাৰ মুৰুলী স্পৰ্শ কৰাওঁ সবাকে।
নব প্ৰাণ হোক সঞ্চাৰিত!

[ গছ বিলাকত বাঁহী স্পৰ্শ কৰায়। ]


চোৱাহি মাধব!
তাল তমাল বাজি কুঞ্জ কাননৰ—
বিৰহত ব্যাকুল তোমাৰ।
আজিও নীৰবে টুকি বিৰহ চকুলো,
অপেক্ষিছে তযু আগমন!

[ মুকলী বুকুত লৈ মুৰুলীকে উদ্দেশ কৰি কয়। ]


নাথ! হৃদয় ঈশ্বৰ! কথা কোৱা!
ৰাধা বুলি মাতা এটিবাৰ—
শ্ৰবণ শীতল হোক—
ভস্ম হোক বিচ্ছেদ যন্ত্ৰণা!
আহাঁ নাথ! নিভৃতে এবাৰ—
আলিঙ্গন দিয়াহি দাসীক।
দীৰ্ঘ শত বৰষৰ—
তৃপ্ত হোক মিলন বাসনা।
 [ ৰাধাই বাঁহীটি সাবটি বুকুত লয় আৰু মনৰ স্বপ্ন-স্মৃতি “ৰাধাকৃষ্ণৰ
যুগল মিলন” সপোনৰ দৰে দৃশ্যত প্ৰতিফলিত হৈ অদৃশ্য হয়। ]
ৰাধা নাথ! হৃদয় সৰ্ব্বস্ব!
কত প্ৰেম! কত দয়া হৃদিত তোমাৰ!