সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
[ ১ম অঙ্ক
অৱসান

সকলোটি বিচ্ছেদ কাতৰ—।
নিয়া বাঁহী—
স্পৰ্শ-সুখ দানিবা সবাকে
বিচ্ছেদ কাতৰ যত ব্ৰজবাসী গোপী—
সকলোকে দিবা স্পৰ্শ দান—
তাৰ পাছে—
দিবা মোক ফিৰাই পুনৰ।

[ সকলোৰে প্ৰস্থান ]

পঞ্চম গৰ্ভাঙ্ক।
[ যমুনাৰ পাৰ। কেলী কদম তল। হাতত শ্ৰীকৃষ্ণৰ মুৰুলী লৈ শ্ৰীৰাধিকাৰ প্ৰবেশ। ]

ৰাধা—

মাধব! বনমালি!
এয়েতো সৈকত ভূমি—
এয়ে সেই কুল যমুনাৰ!
বাল্য-লীলা-ভূমি তযু!
লুপ্ত তাৰ অতীত সৌন্দৰ্য!
নাই তাৰ পূৰ্ব্ব জ্যোতি—
নাই তাৰ কাকলি কূজন
ৰম্য সি কানন আজি অগাধ অটবী!
এইয়ে সেই কেলী কদম্ব!
দীৰ্ঘ বিৰহত—
শুকাল পল্লব তাৰ—