এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
[১ম অঙ্ক
অৱসান
[ ৰাধাক বিচি বিচি সখিবিলাকে গায়। ]
সখি অই! কিহলই অভিমান।
গুণনিধি গুণধাম—নবীননিৰদ শ্যাম—
কাতৰে মাগিছে ক্ষমা প্ৰতিদান।
কৰমৰ ব্যৱধান হোৱা নাই অবসান
সেয়েহে অহা নাই দিয়া নাই সমিধান।
আহিব প্ৰাণৰ সথা দিবহি নিৰলে দেখা—
দিবহি তোৰেই প্ৰাণ তোকে বলিদান।
| ৰাধা— | [ সাৰ পাই লৰালৰিকৈ উঠি ] |
[ উঠি আগবাঢ়ি যাব খোজে ]
| বিশাখা— | কি হল সখিৰ? |
| বৃন্দা— | নহবা উতলা সখি! [ ৰাধা আকৌ উঠি যাব খোজোঁতে বৃন্দাই সাবটি ধৰে ] কি কৰা? কি কৰা সখি? |
| ৰাধা— | কোন তুমি? বৃন্দা সখি! |