সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
[১ম অঙ্ক
অৱসান

[ ৰাধাক বিচি বিচি সখিবিলাকে গায়। ]

 সখি অই! কিহলই অভিমান।
 গুণনিধি গুণধাম—নবীননিৰদ শ্যাম—
 কাতৰে মাগিছে ক্ষমা প্ৰতিদান।
 কৰমৰ ব্যৱধান হোৱা নাই অবসান
 সেয়েহে অহা নাই দিয়া নাই সমিধান।
 আহিব প্ৰাণৰ সথা দিবহি নিৰলে দেখা—
 দিবহি তোৰেই প্ৰাণ তোকে বলিদান।

ৰাধা—

[ সাৰ পাই লৰালৰিকৈ উঠি ]
কৃষ্ণধন! প্ৰাণধন!
দাসীলই পৰিছে মনত!
আহা নাথ। আহা বুকুলই।

[ উঠি আগবাঢ়ি যাব খোজে ]

বিশাখা—

কি হল সখিৰ?
একেবাৰে উন্মাদ লক্ষণ!

বৃন্দা—

নহবা উতলা সখি!
পাগলিনী সখিয়ে আমাৰ—
সপোনত দেখিছে কৃষ্ণক।

[ ৰাধা আকৌ উঠি যাব খোজোঁতে বৃন্দাই সাবটি ধৰে ]

কি কৰা? কি কৰা সখি?

ৰাধা—

কোন তুমি? বৃন্দা সখি!
আনিছা? আনিছানে সখি—
প্ৰাণকান্ত—প্ৰাণৰ কৃষ্ণক!