সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ গৰ্ভাঙ্ক ]
২৯
অৱসান

[ আকৌ শোৱে ]

 আহিছা! আহিছা নাথ!
কৃষ্ণধন! প্ৰাণধন! প্ৰায় কান্ত মোৰ!
সচায়ে আহিছা!
কলৈ সাৰিবা নাথ!
ধৰিলো ইবাৰ!
 ক'তা? নাই! গল!
গুছি গল! অধিনীক এৰি গল!
গ'ল!

[ মূৰ্চ্ছা যায় ]
[ বৃন্দা ললিতা আদি সখিবিলাকৰ প্ৰবেশ। ]

বৃন্দা—

এইয়া যে সখিয়া আমাৰ!
শ্ৰান্ত শিব লুটাই মাটিত—
সপোনত দেখিছে কৃষ্ণক!
স্বৰ্ণকান্তি—সখিয়াব—
চোৱা সখি কিমান মলিন!
দীৰ্ঘ কেশ সুকেশীৰ—
লাৱনি মুখৰ—
সকলো মলিন হল বিচ্ছেদ জ্বালাত!
আহা সখিহঁত—
নিদ্ৰাভাঙ্গি বিৰহীৰ
বিৰহৰ কৰোঁ উপশম।