সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
[ ১ম অঙ্ক
অৱসান

 আহা নিদ্ৰা—
 আহাঁ মোক ধৰাহি আবৰি!
 আহা স্বপ্ন ধৰোঁ চৰণত!
 দেখুৱা—দেখুৱা মোক—
 কৃষ্ণ মুখ দুনাই এবাৰ!
 আহাঁ নাথ!
 নিবিচাৰোঁ চৰম সম্পদ!
 নিবিচাৰোঁ দেখা দিঠকৰ!
 দিয়া দেখা সপোনত!
 আহাঁ নিদ্ৰা—আহাঁ স্বপ্ন!
 অনন্ত অনন্ত কাল—
 আবৰি থাকাহি মোক!
 [ মাটিত শুই ক্ষন্তেক মৌন হৈ থাকে। ]
কিয় নাথ নাহিলা তথাপি?
অত আবাহন—
দীৰ্ঘ শত বৰষৰ কাতৰ কান্দোন!
মৰ্ম্মদাহী বিচ্ছেদৰ দাৰুণ হুতাশ—!
অবিৰল অশ্ৰুবাহী সজল নয়ন
একোতেই নগলেনে মন!
মোৰ দৰে শতেক দাসীয়ে—
অনুমানো সেবিছে চৰণ—
সেই বাবে দাসীলৈ—
পৰা নাই আজিও মনত!