সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ গৰ্ভাঙ্ক ]
২৫
অৱসান

কানাই মোৰ যমুনাৰ বালিতে নাচিছিল—
 যমুনাই হাঁহিছিল চাই!
নন্দ যশোদাই উলাহত নাচিছিল
 দুহাতে চাপৰি বাই!
কানাই মোৰ বান্ধৈ ঐ কতে লুকালি গৈ—
 গকুল পুৰি হলে ছাই!
কদম তোৰ নলৰে গৰু গায় নচৰে—
 গোৱালীৰ হাঁহি মুখ নাই!
ফুলে মৌ নিবিলায়—চৰায়ে নেগায়—
 আজি যেন কানাই মোৰ নাই!
আছোক সমনীয়া পশু পতঙ্গৰো—
 কণ্ঠৰ কাকলি নাই!

 

চতুৰ্থ গৰ্ভাঙ্ক।
শ্ৰীৰাধিকাৰ কক্ষত বৃন্দা ললিতা আদি সখিবিলাকৰ গীত। ]

গীত।

আজি বাজিছে মোহন বাঁহী—!
নব আবেগত উথলিছে হিয়া অধৰে নধৰে হাঁহি!
মধু বসন্তৰ মলয় পৱনে ফুলৰ সুবাস আনি,—
প্ৰণয়ীৰ হিয়া আঁতৰৰ পৰা বুকলৈ নিয়ে টানি,—
(তাতে) সুৱগী কুলীয়ে তানি—
দিছে ৰহন সানি—
আবেগৰ হাঁহি মিলনৰ বাঁহী প্ৰাণে প্ৰাণে উঠে ভাহি।