সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় গৰ্ভাঙ্ক ]
২৩
অৱসান

নাই আৰু তাৰ—
প্ৰাণ উন্মাদিনী তাৰ ৰাধা ৰাধা বুলি—
নেবাজে এতিয়া আৰু
যমুনা তটৰ সেই কদম্ব মূলত
বাজিছিল যিদৰে মুৰুলী—
আজি আৰু নেবাজে সিদৰে।
নিয়া বৃন্দা! দিয়াগৈ সখিয়াক স্মৃতি উপহাৰ!

[ মুৰুলী বৃন্দাৰ হাতত দিয়ে ]


কটুবাক্য বুলিছিলা বুলি—
বৃথা খেদ নকৰিবা সখি!
উপযুক্ত, উচিত কথাকে মাত্ৰ—
কইছিলা তুমি!
যোৱা ভাগ্যৱতী!—
সখি তুমি শ্ৰীমতিৰ—
ভাগ্য তব অতিকে প্ৰসন্ন!

বৃন্দা—

প্ৰভো! নিৰোধ ৰসনা মোৰ!
বৰ্ণাব নোৱাৰোঁ—
কত অপৰাধ আজি কৰিলোঁ দাসীয়ে।
নমিছোঁ চৰণ নাথ!
নিজগুণে ক্ষমিবা দাসীক—।

 [ শ্ৰীকৃষ্ণক সেৱা কৰি প্ৰস্থান ]
[ শ্ৰীকৃষ্ণ উদাসভাবে ঠিয়হৈ গায় ]