সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
[ ১ম অঙ্ক
অৱসান

ইকুলে সিকুলে দুকুলে গোকুলে;
ৰাধা মোৰ বিহঙ্গিনী হৃদয় সজাব।
ৰাধা কুৰঙ্গিনী মোৰ—
ইহকাল—পৰকাল—চিৰকাল ধৰি—
অনন্ত অনন্ত কাল—
থাকিব অনন্ত সুখে—
বিচৰণ কৰি মোৰ হৃদি কাননত।
 আৰু এটি দিওঁ স্মৃতি চিন্—
 দিবাগৈ উপহাৰ সখীক তোমাৰ।

( প্ৰস্থান )

বৃন্দা—

দয়াময়! অত প্ৰেম হিয়াত তোমাৰ!
ৰাধানাথ! জ্ঞান-হীনা মই!
সেই হেতু কৰিছিলো অলীক ধাৰণা।
অপৰাধ ক্ষমিবা দাসীৰ।

[ হাতত মুৰুলীলৈ শ্ৰীকৃষ্ণৰ পুনঃ প্ৰবেশ ]

শ্ৰীকৃষ্ণ—

বৃন্দা সখি!
অতি আদৰৰ মোৰ মোহন মুৰুলী—
নিয়া স্মৃতি উপহাৰ—
দিবা গৈ সখিয়াক—
বৃন্দাবন এৰিবৰে পৰা—
নিৰ্জ্জীৱ মুৰুলী মোৰ—!
গোৱা নাই ৰাধা নাম—
সেই স্বৰ—সেই সুৰ—