সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় গৰ্ভাঙ্ক ]
২১
অৱসান

কৰ্ম্ম—জগতৰ এই বিশাল ক্ষেত্ৰত—
কৰ্ম্ম মাত্ৰ সাৰ ধৰ্ম্ম—
কৰ্ম্ম পুনু তাৰে ব্যবধান!
কৰ্ম্ম মোৰ হলে সমাপন
অৰ্দ্ধ অঙ্গ—অৰ্দ্ধ প্ৰাণ—
পূৰ্ণ হব মোৰ—
ৰাধা শ্যাম আকৌ মিলিব!
ৰাধা-পদ-বিলসিত—
বৃন্দাবন পবিত্ৰ ধামত—
ভক্ত-বৃন্দে দেখিব পুনৰ—
ৰাধা-শ্যাম যুগল মিলন।
যোৱা বৃন্দা!
 দিবাগৈ ৰাধাক প্ৰবোধ—
কৰা গৈ ব্যথা এই দগ্ধ অন্তৰৰ।
কবা আৰু সখিক তোমাৰ—
কথমপি ধৰে প্ৰাণ কানুৱে তোমাৰ!
আৰু কৰা—
 ৰাধা মোৰ নিধি সপোনৰ—
 ৰাধা মোৰ ছবি দিঠকৰ—
 ৰাধা মোৰ মণি নয়নৰ—
 ৰাধা নাম লেখা আছে—
 তৰপে তৰপে মোৰ ভগ্ন অন্তৰত—
 ৰাধা মোৰ জীৱন-সঙ্গিনী—