আৰু ধৈৰ্য নেমানে অন্তৰে! তুমি কি বুঝিবা সখি! বিহঙ্গিনী ৰাধা মোৰ হৃদয় সজাৰ— অনুমানো বুজিছে সকলো। বিৰহৰ মৰ্ম্মব্যথা ৰমণীহে নেকি সখি অকলশৰীয়া? মানো সখি,— অতিকে কোমল প্ৰাণ ৰমণী জাতিৰ— সেই বুলি— ৰমণীৰ কোমল প্ৰাণত মাথোঁ অকলে নেবাজে জানা বিৰহৰ ব্যথা! পুৰুষৰো আছে প্ৰাণ— হব পাৰে পাষাণ সি প্ৰাণ- কিন্তু সখি, পাষাণত লাগিলে উত্তাপ সোনকালে নহয় শীতল!
ক্ষমা অপৰাধ প্ৰভো! জ্ঞানহীনা নই— নাজানি কৰিছোঁ দোষ— কটুবাক্য বুলিছোঁ তোমাক—!
শুনা সখি,— সেই যে আহিলোঁ এৰি— ৰাধা-পদ-বিলসিত—