গুণনিধি—গুণৰ আধাৰ বোলে জগতে তোমাক—; এয়েনেকি পৰিচয় গুণৰ তোমাৰ? কপট লম্পট তুমি শঠতাৰ প্ৰতিমূৰ্ত্তি মাথোঁ গুণধৰ নাম তব প্ৰলাপ মূৰ্খৰ।
যত পাৰা কৰা তিৰস্কাৰ! নিৰোধ বসনা মোৰ— কন্ঠ নীৰব।
চঞ্চল পুৰুষ মন! কিন্তু লীলাময়! অত প্ৰেম—অত সুখ— পলমাত্ৰ অদৰ্শনে ব্যথা অন্তৰৰ ভুলিলা সকলো। নাইনেকি অন্তৰত— দয়ামায়া চিন্ কৰুণাৰ? আজি এই শতেক বছৰে— নাইনে মনত পৰা— এটিবাৰো পিতৃমাতৃলৈ— নাইনে মনত পৰা— সৰলা ৰাধাৰ সেই মুখকান্তিলৈ! আছিলে এদিন— দিনান্তে নেপালে তুমি বাধা দৰশন