সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
[ ১ম অঙ্ক
অৱসান

তুমিয়েই নোহোৱানে সেই শ্যামৰায়!
পিন্ধিছিল যি এদিন বাকলি-বসন!
সৰলা ৰাধাই—সঁপিছিল প্ৰাণ মন
কপটীয়া পুৰুষৰ কপট ছলত!

শ্ৰীকৃষ্ণ—

কোৱা বৃন্দা! আছেনে কুশলে ৰাধা?
কেনে আছে পিতা নন্দ যশোদা জননী?

বৃন্দা—

হে নিৰ্দয়! সকলো শুনিবা।
ছলেৰে ভুলাই মন সৰলা ৰাধাৰ
উটুৱালা ইকুল সিকুল!
পুনু আহি পাতিছাহি ফান্দ—
মজাবৰ হকে—
আৰু এটি সৰলা ললনা!
শঠতা আশ্ৰয় কৰি—
অকুলত ডুবুৱাই সৰলা ৰাধাক—
দীৰ্ঘ শত বৰ্ষ ধৰি
নিদাৰুণ ভুঞ্জালা যন্ত্ৰণা!
তুমিয়েতো ফান্দ্‌​ পাতি
কুল মান বিসৰ্জ্জন দিয়ালা সতীৰ!
এতিয়াও বিবহিণী—
তোমাৰেহে দৰশন কৰিছে কামনা—
আজিও ধৰিছে আশা
অন্তিমত এটিবাৰ—
পাম বুলি শ্ৰীমুখ দৰ্শন!