সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম গৰ্ভাঙ্ক ]
১৩
অৱসান

[ হাত মালা ধাৰি শ্ৰীকৃষ্ণৰ ডিঙিত পিন্ধাই দিয়ে, এনেতে বৃন্দাৰ লাহে লাহে প্ৰবেশ। ]

শ্ৰীকৃষ্ণ—

যোৱা প্ৰিয়ে কক্ষান্তৰে—
আহিছে কোনোবা সউ
অনুমানো বিচাৰিছে নিভৃতে আলাপ।

[ শৈয়ন্দ্ৰীৰ প্ৰস্থান ]

বৃন্দা—

[ আগলৈ আহি শ্ৰীকৃষ্ণক সেৱা কৰে। ]
লোৱা প্ৰভু প্ৰণাম দাসীৰ।

শ্ৰীকৃষ্ণ—

কোন তুমি?
চিনো চিনো কৰে মুখ।
অনুমানো দেখিছিলোঁ কোনোবা কাহানি।

বৃন্দা—

চিনা নাই! চিনো চিনো কৰে মুখ!
নোহে আচৰিত!
বাক্যে তব চিনায় অন্তৰ!
বৃন্দা নাম―
সখি মই গোকুলৰ ৰাধা গোৱালীৰ!

শ্ৰীকৃষ্ণ— বৃন্দা তুমি—সখি ৰাধিকাৰ।
বৃন্দা—

চিনিলানে প্ৰভো!
শুনা তেনে নিবেদন।
যিহেতু মূৰাৰী,
অনুমতি নকৰি অপেক্ষা
স্বেচ্ছায় দাসীয়ে আহি
প্ৰবেশিছে নিভৃত উদ্যান!