সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
[ ১ম অঙ্ক
অৱসান

কত যত্ন—কত আদৰেৰে—
গাথিছোঁ ইধাৰি মালা?
দুখুনীৰ ক্ষুদ্ৰ উপহাৰ —
কৰিবনে নাথে বাৰু কণ্ঠত ধাৰণ?
সৌৱা! সৌৱা যে আহিছে!

[ শ্ৰীকৃষ্ণৰ প্ৰবেশ ]

শ্ৰীকৃষ্ণ— এইয়া যে ইয়াতে প্ৰিয়ে!
শৈয়ন্দ্ৰী—

কিয় প্ৰভো উদ্বেগত, ৰাখিছিলা দাসীক তোমাৰ;
তুমিতো—অন্তৰযামী
জানা প্ৰভো নাৰীৰ অন্তৰ
উৎকণ্ঠা উদ্বেগ যত নাৰী হৃদয়ৰ—
তেন্তে প্ৰভো! কিয় কৰা ছলনা দাসীক?

শ্ৰীকৃষ্ণ—

কিয় প্ৰিয়ে কৰা অভিমান?
মিছা দোষাৰোপ মোক নকৰা সুন্দৰী—!
নানাকাৰ্য্যে ব্যস্ত আজি আছিলোঁ পুৰীত—
সেই হেতু,—
ক্ষন্তেক পলম হল আগমন মোৰ!
তাতে মোক অপৰাধী কৰিছা সুন্দৰী—?
দিয়া তেন্তে যোগ্য দণ্ড তাৰ!

শৈয়ন্দ্ৰী—

দণ্ড যদি বুলিছা নিজেই—
লোৱা তেনে নাথ।