সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
[ ১ম অঙ্ক
অৱসান

[ ৰাধাৰ প্ৰবেশ ]

 ৰাধা—মই সকলো শুনিছোঁ সখি। মোৰ আগত আৰু কি লুকাবা। মোৰ কি হব সখি? ম‍ই যে প্ৰাণ কৃষ্ণক এবাৰ নেদেখিলে আৰু নেবাচো।

 বৃন্দা—উতলা নহবা সখি। ধৈৰ্য্য ধৰা। এবাৰ শেষ চেষ্টা কৰি চাও কিজানি সুফল ধৰেই। তোমাৰ প্ৰাণ কৃষ্ণক এৰাৰ তোমাৰ কথা—তেওঁৰ পিতৃমাতৃৰ—বিলৈৰ কথা—ব্ৰজবাসী—সকলৰ নিদাৰুণ সন্তাপৰ কথা কৈ পাৰোঁ যদি তেওঁৰ—প্ৰাণ কোমলাৰ যত্ন কৰোঁগৈ। উতলা নহবা সখি। আজিয়েই ম‍ই মথুৰালৈ যাম। ম‍ই উভটি নহালৈকে ধৈৰ্য্য ধৰি থাকা। মই যাঁও সখি।

দ্বিতীয় গৰ্ভাস্ক।
[ মথুৰাত শৈয়দ্ৰীৰ ফুলনিত শৈয়ন্ত্ৰীয়ে ফুল চিঙি মালা গাঁথি থাকে। ]

শৈয়ন্দ্ৰী—

সুপ্ৰসন্ন ভাগ্য মোৰ।
গোবিন্দে নিজেই প্ৰেমাপ্লুত হৈ—
দিলে মোক প্ৰেম আলিঙ্গন।
অপ্সৰী কিণ্নৰী কত ৰাজবাজ্যেশ্বৰী—
কত বৰ্ষ কত যুগ ধৰি—
কৰি কৰি বিফল সাধনা—